Wednesday, 20 September 2017

পোন্ধৰ মিনিট

-হেল্ল’ অনিল, তই আজি কিবা কৰি আছ নেকি। যদি বেলেগ একো কাম নাই মোৰ ঘৰলৈ আহি দুৱাৰৰ হেন্ডেল দাল লগাই দিবিছোন।অ’ অলপ ডাঙৰ স্কু লাগিব ছাগে। তই লৈ আহি লগাই দিবি মই কালিলৈ আবেলি আহি যিমান বিল হয় দি দিম। মই ঘৰৰ ছাবিটো কাষৰ মানুহঘৰত দি আহিছো। ঠিক আছে। থেংক ইউ। বাই।
- হেল্ল’ জয়ন্তদা ভালনে। বহুত দিনৰ মূৰত দেখোন। চিমিহঁতৰ ভালনে। অ’ মোৰ ভালেই। ঠিকে চলি আছো আৰু। গাৱঁলৈ যোৱা নাই ছমাহ মান হ’ল।মই দিল্লীলৈ আহিছিলো কালি। অ’ এতিয়াও বাংগালোৰতে। আপোনাৰ কওক চাকৰি কেনে চলিছে। অ’ বাকী ভালেই। কথাবোৰতো জানেই। এতিয়া তাইৰ লগত প্ৰায় যোগাযোগ নাই বুলিবই পাৰি। আহিবছোন এদিন সপৰিয়ালে এসাজ খোৱাকৈ। ৰাতি থকাকৈ আহিলেতো খুবেই ভাল পাম। অ আছে আছে ঠাই আছে। হাঃ হাঃ ঘৰতো সৰু হলেও অসুবিধা নহয়। অ হৃদয়ত ঠাই আছে কাৰনে ঘৰতো নহলেনো এনেকৈ মাতোনে। ঠিক আছে। লগপাম তেতিয়া হ’লে। ঠিক আছে। বাই।
- হেল্ল’ ভিনদেও ভালনে। আজি বাইদেউৰ বার্থদে নেকি। যোৱা কালিহে আছিল নেকি। ম‌ই আজি বুলিহে ভাবিছিলো।বাইদেউক বি-লেটেড হেপ্পী বার্থদে বুলি কব। বাকী কওকছোন কেনে আছে আপোনালোক। ম‌ই ঠিকে আছো। সচাঁকে ঠিকে আছো। কাৰ কথা কৈছে জয়শ্ৰীৰ। তাইৰ খবৰ পাও মাজে মাজে। কালি এখন নোটিছ আহিছে। তাইৰ কোনোবা হিৰোৰ লগত ফুৰিব গৈ হোটেলৰ বিল দিব পৰা নাই, তাৰে নোটিছ। তাই ইমান উৎপাত আৰম্ভ কৰিছে যদি মোৰ আৰু একো কৰিবলগীয়া নাই। নাই নাই মই বুজো। সেই কাৰণে মই একো কৰা নাই এতিয়ালৈকে। আপোনালোকে বুজাব পাৰে যদি বুজাওক। মই গৈ বুজাব নোৱাৰো। বাকী ভালেই। এইবাৰ ঘৰলৈ গলে আপোনালোকৰ ঘৰলৈ যাম বাৰু। পোৱালি কেইটাৰ কেনেকুৱা ভালনে। বহুতদিন হ’ল দেখা নাই। যাম যাম। অ ৰাখক তেনেহ’লে।   

- হেল্ল’ ৰীতা ক’ত পালাহি। মই পাম আৰু তিনিমিনিট মান লাগিব। তুমি মেট্ৰ’ ষ্টেছনৰ ওচৰতে ৰৈ থাকিবা।আজি ক’ত ফুৰিব যাম ? ঠিক আছে। অ’ সেই ঠাইডোখৰ বেয়া নহয়। পামেই আৰু ৰ’বা। বাই।        

Wednesday, 9 November 2016

জীৱন

ঔটেঙা গছজোপা নাছিল, নাছিল দীঘলা দৌদৌৰ সাধুটো
আছিল বিলৰ পানীত ডুব যাব খোজা ৰান্ধনী বেলিটো
আইতাৰ খুন্দনাৰ চুকত লাগি ৰোৱা তামোলৰ দূপৰীয়া
মাৰ হাতৰ ঢেকীয়াৰ জোল, সকলোবোৰতো আছিল l
বগৰী কাইঁটে আচোৰা সময়
থপিয়াই ধৰো বুলি ভাবিও ধৰিব নোৱাৰা এক সপোন l
গধুৰ হৈ পৰা অবিন্যস্ত নিশাবোৰ

সলনি কৰিব নোৱাৰা এক জীৱন
Let the moon shine on u
Let the soul cross the river
Crossing your finger
With a stair way to paradise

Walk back to windowsills
We can’t ask for this move
We were invited in
Because the time surround us
Bring faces to the light
To be grateful for plenty
We have been given pain of joy
We have been given life to deny death
We are here was it because of music

Because we are here to dance only 

Thursday, 9 June 2016

Lesson of life

One day, two mice fall in a drum of milk. First they drink some milk and try to come out from the drum. But it is not easy to escape from the drum. They are trying a lot to jump out but could not succeed. One mouse thought that his life will end there only because there is no escape and so he started drink milk as much he can. As the weight increases the mouse easily drowned in milk and died. But the other mouse started moving around the drum and drinks a little milk to get his energy for moving. Moving, moving and moving, finally he prepared butter from the milk and jumps out from the drum with some butter.
This is the life.

Courtesy: Catch me if you can       

Sunday, 11 October 2015

অনুভৱ

নিঃশব্দতাৰ মাজত
বিছাৰি ফুৰো তোমাৰ
উশাহ
বুকুজুৰি বৈ যাব
বিছাৰে
চঞ্চল বৰষুণৰ আঙুলি
নীৰৱে।
হেপাহ পলুৱাই
ধৰি ৰাখিব বিছাৰো
সময়

তোমাৰ অনুভৱৰে।

গতানুগতিক


“পাণ খালে পুইব
চূণ খালে ডাকিব
আমা বাইদ’ক নিবলে হেলিকপ্তা আহিব”
-   মই গাব নেজনোং বুলি ভাবিছ তহঁতে। কিমান তুলনী বিয়া, বৰ বিয়া খাই পাত- পানী কৰিলো তহঁতে কি পাত্তা পাবি।
-   অ দূর্গা কাই তোৰ তুলনী বিয়া খাইহে দাৰি- চাৰি নোলালে তাৰমানে
-   ঐ দাঈত ধই কথা নকবি, মো দাঈ নাইকিয়া লিহিতি – পিছল মুখখন দেখি কিমান পতি যাই তাকে দেখি তহত হিংসা লাগিছে।
-   অ সেইকাৰনে তই অকণিক ইমান যলদি পলুৱাই আনিব পাৰিলি।
-   হেই যেতিয়া তেতিয়া বেয়া নামবো লই নেথাকিবি চোন। কেতিয়াবা খং উঠিলে মেচি দা খনে চবকে চেমেটিয়াই দিম বাপেকে।
-   অ দূর্গা কাই খং কিয় কৰিছ নো। তোক বুলিহে কথাবোৰ সুধি থাকো। বেয়া পাৱ যদি নুসুধো আৰু।
-   মো খং চং নুঠে
-   হেৰি নহয় দূর্গা কাই কালি গধুলি তই ভাত ৰন্ধা বটুৱাটো লৈ কেলৈ ঘৰৰ ভিতৰৰ পৰা দৌৰি আহিছিলি।
-   কেতিয়া। তহতি এনে এনে কথাবো কৈ নেথাকিবি দেই।
-   তই মিছা কিয় মাতিছ আমি তেতিয়া তিনিআলিতে কথা পাতি আছিলো। আমি সবেই দেখিছো।
-   এঃ কিনো কবি আও। তহতক কথাবো কব ব’ দিগদা। তহতি যাকে তাকে কই থাকিবি।
-   আমি কেতিয়াবা কাৰোবাৰ কথা বেলেগৰ আগত কোৱা শুনিছ জানো।
-   আচলতে কালি মানুহজনী বেমা হইছিল আও মোক ভাত বনাব কই আছিল মই বাপেকে টোপনি ভেকচন ধৰি শুই আছিলো, কেতিয়ানো তাই আহি বটুৱাটো মূৱত পিন্ধাই মোক বজাই দিলে মই পেত্তাই নেপালোং।
-   তই পিছে কি কৰিলি তেতিয়া।
-   কি কইবি এনেই ভিতঅত সুমাই বজি থকাতকে বাহিঅলে পলাই দিলোং বাপেকে।
-   আজি পিচে খবৰ কেনে
-   হুঃ কি ডাল কইব মোক, আজি বাপেকে ভাত-চাত বনাই থৈ দিছোং। আজি কিবা কই চকচোন দুহতীয়া মাৰ লগাই দিম।মোক এলেক পেলেক পাইছে নেকি।
-   তই যে আৰু দূর্গাকাই নিজৰ মানুহ জনীলৈ ইমান ভয় কৰিব লাগেনে। ভালকৈ মিলি মেলিহে থাকিব লাগে।
-   অমুকাই তাইলৈ ভয় কঈব নেকি। মোক কি পাইছ তহতি।
ঐ স’ভাইটি, ইহত বাপেক তাত আছে যদি মাতি দেচোন।
-   ঐ দূর্গাকাই তোক বৌৱে বিচাৰি ফুৰিছে।

-   হয় নেকি, গৈ আছোং বুলি কৈদে। তই কৈ দিলি নিকি আক’ মই ইয়াত বহি তাঈ কথা কৈ আছিলোং বুলি। ঐ তহতি ব’ মই পটকে গৈ আহোং।