Sunday 31 July 2011

অসীমতা


গভীৰতালৈ শিপাব ধৰিছে সময়
দুপতীয়াৰ পৰা চাৰিপতীয়া
ডাল-পাত শিপা সকলো হেৰাল।
হাতৰ তলুৱাত লিখি থোৱা সময়
অঘৰী বাটে কথা পাতে
গোপন যন্ত্রণাৰ।
জাকৰোৱা আন্ধাৰৰ নিসংগতাত
নিদ্রামগ্ন কপহুৱা যৌৱন
এক বৰণহীন আর্তনাদ
শেষ ৰাতিৰ শেমেকা বতাহত
শিমলু তোলাৰ সুবাস
উজাৰি শেষ কৰি দিয়াৰ শেপাহ নাছিল হেয়া
জিন নোজোৱাকৈ থকা এক শূণ্য যন্ত্রণা
নজনাকৈ ভাৱি লোৱা সপোনবোৰ
কুটিল হাঁহি
ছিন্ন-ভিন্ন ডুখৰীয়া স্মৃতি
আছলতে মই অসীমতা বুজা নাছিলো।
সেয়াই হয়তো শেষ ফাগুণৰ আবুৰতা

Friday 15 July 2011

অন্তহীন আবেশৰ ঢৌ
পাৰ নোপোৱা সাগৰৰ এক অপেক্ষা।
হেপাহ বোৰ তুলি ধৰাৰ এক উন্মুক্ত সপো্ন
শেষ ৰাতিৰ বাস্তৱৰ ঘোষণা
ৰাইজ ভাওনা শেষ।

Friday 22 April 2011

হেপাহ


চোতালত পৰি থকা বাঢ়ণীৰ শাৰী শাৰী আঁচ গছকি

এদিন যাম দিয়া তোমাৰ ঘৰলে

ফাগুনৰ পছোৱাত অথবা বসন্তৰ পহিলাতে

আদৰি আনিম সপোনৰ পঁজালে

কাকোৱেই নিদিয়াকৈ থোৱা

সকলোবোৰেতো তোমাৰ

মোৰ পথাৰখন,শইচবোৰ আৰু হেপাহবোৰ

তোমাৰ আঁৰতে লুকাই

মোৰ আধাকেচেলুৱা সপোনবোৰ পাহৰিম

আমাৰ সপোনবোৰ আশা হব নজনাকৈয়ে