Friday 5 April 2013

যাত্ৰা


যাত্ৰা

পুৱাৰ সেই সেন্দুৰীয়া আলিবাটটোৰ
যাঁও বুলি কোৱা শেষ কথাটোৰ
পৰাই আৰম্ভণি এক সময়
সপোনবিলাসী আশাৰে দুহাল সেমেকা চকু
সকলোবোৰ এক ফ্লেচবেক
ৰোৱাৰ যেন সময় নাই
যাত্ৰা আৰু যাত্ৰা
নতুন সময় নতুন সপোন
কিন্তু শিপাৰ পৰা পাতলৈকে একেই বিলাস
হাত বাউলি থকা পথাৰৰ দীঘলীয়া উকি
আৰু সেই চাৱনিৰ আবেশে
বাৰে বাৰে দিব বিচাৰে নতুন যাত্ৰাৰ ঠিকনা।