Wednesday 9 November 2016

জীৱন

ঔটেঙা গছজোপা নাছিল, নাছিল দীঘলা দৌদৌৰ সাধুটো
আছিল বিলৰ পানীত ডুব যাব খোজা ৰান্ধনী বেলিটো
আইতাৰ খুন্দনাৰ চুকত লাগি ৰোৱা তামোলৰ দূপৰীয়া
মাৰ হাতৰ ঢেকীয়াৰ জোল, সকলোবোৰতো আছিল l
বগৰী কাইঁটে আচোৰা সময়
থপিয়াই ধৰো বুলি ভাবিও ধৰিব নোৱাৰা এক সপোন l
গধুৰ হৈ পৰা অবিন্যস্ত নিশাবোৰ

সলনি কৰিব নোৱাৰা এক জীৱন